This website is about Question and Answer for Job, assam career, Vacancy in Assam, assam govt job, bank job, assam tet, assam jobs, government jobs in assam 2021,2022,2023

AAU ATMA Recruitment 2026 - 310 পদত Apply কৰক, Salary 52,000 টকা | Last Date 11 Dec

AAU ATMA Recruitment 2026 - 310 টা পদত Apply কৰক | Salary 52,000 টকা পৰ্যন্ত, Last Date 11 Dec

অসমৰ চাকৰি বিচৰা যুৱক-যুৱতীসকলৰ বাবে আকৌ এটা ডাঙৰ খবৰ আহিছে। Assam Agricultural University (AAU), Jorhat এ Directorate of Agriculture, Assam ৰ হৈ CSS-ATMA (Agriculture Extension) আঁচনিৰ অধীনত মুঠ 310 টা Contractual পদ ৰ বাবে Official Notification প্ৰকাশ কৰিছে। এই নিযুক্তিত Assistant Technology Manager, Block Technology Manager, Computer Programmer, Deputy Project Director আৰু Accountant cum Clerk পদ আছে।

তুমি যদি Agriculture, Commerce, Computer বা General Graduate হোৱা, তেন্তে এইটো তোমাৰ বাবে এটা বহুত ভাল সুযোগ। কাৰণ এই নিযুক্তিত কোনো Interview নাই, কেৱল OMR Written Test হ'ব। মানে পঢ়ি পৰীক্ষা দিলেই চাকৰি পোৱাৰ চান্স আছে। আৰু আটাইতকৈ ডাঙৰ কথা, ATM পদত 257 টা পদ আছে, গতিকে Competition অলপ কম হ'ব।

আজিৰ এই Post ত আমি AAU ATMA Recruitment 2026 ৰ Vacancy, Salary, Eligibility, Age Limit, Application Fee, Exam Pattern, Syllabus, Selection Process, Documents আৰু Apply Process - সকলোখিনি বিতংকৈ আলোচনা কৰিম। শেষলৈকে পঢ়িবা, যাতে কোনো ভুল নহয়।

🔴 Last Date: 11 December 2026, 4 PM
Apply Website: online.aau.ac.in/atma-2026
সময় বেছি নাই, আজিয়েই Apply কৰক!

AAU ATMA Recruitment 2026 - Overview

এই Recruitment টো Assam Agricultural University এ পৰিচালনা কৰিছে যদিও, চাকৰিটো আচলতে Directorate of Agriculture, Assam ৰ CSS-ATMA Project ৰ অধীনত হ'ব। এই Project টোৰ কাম হ'ল গাঁৱে গাঁৱে কৃষকৰ ওচৰলৈ নতুন কৃষি প্ৰযুক্তি, চৰকাৰী আঁচনি আৰু প্ৰশিক্ষণ পঠিওৱা। সেই বাবে Block আৰু District Level ত Technology Manager ৰ প্ৰয়োজন।

OrganizationAssam Agricultural University, Jorhat
SchemeCSS-ATMA (Agriculture Extension), Directorate of Agriculture, Assam
Advt No05/2026, Date: 10 Nov 2026
Total Vacancy310
Job TypeContractual - 11 মাহৰ বাবে, ভাল কাম কৰিলে Extend হ'ব
SalaryRs. 25,000 - Rs. 52,000 প্ৰতি মাহে (Fixed)
SelectionOMR Written Test + Document Verification, No Interview
Job Locationঅসমৰ যিকোনো District আৰু Block
Apply ModeOnline Only

Post Wise Vacancy Details - কোন পদত কিমান পদ?

মুঠ 310 টা পদৰ ভিতৰত District Level ত 20 টা আৰু Block Level ত 290 টা পদ আছে। তলত Table ত চোৱা:

Post NameVacancySalary / মাহ
Assistant Technology Manager (ATM)257Rs. 25,000
Block Technology Manager (BTM)33Rs. 30,000
Computer Programmer9Rs. 25,000
Deputy Project Director7Rs. 52,000
Accountant cum Clerk4Rs. 30,000
Total310-

ইয়াৰ পৰা বুজিব পাৰিছা, ATM পদত আটাইতকৈ বেছি সুযোগ আছে। তুমি যদি Agriculture Graduate হোৱা, তেন্তে ATM ত Apply কৰাটোৱে বুদ্ধিমানৰ কাম হ'ব।

Eligibility Criteria - কোনে Apply কৰিব পাৰিব?

1. Assistant Technology Manager (ATM) - 257 পদ: Graduate বা Post Graduate in Agriculture / Allied Sector যেনে Horticulture, Veterinary, Fisheries, Sericulture আদিত পাছ কৰিব লাগিব। লগতে কমেও 1 বছৰ Agriculture related কামৰ Experience লাগিব। Age: 1 Jan 2026 হিচাপত সৰ্বোচ্চ 45 বছৰ।

2. Block Technology Manager (BTM) - 33 পদ: Post Graduate in Agriculture / Allied Sector + Computer Skills থাকিব লাগিব। নহ'লে Agri Graduate হৈ 5 বছৰ ATM হিচাপে কাম কৰা সকলেও Apply কৰিব পাৰিব। কমেও 2 বছৰ Field Experience লাগিব। Age: সৰ্বোচ্চ 45 বছৰ।

3. Computer Programmer - 9 পদ: B.Tech (Computer Science / IT) বা MCA পাছ কৰিব লাগিব। B.Tech হ'লে 1 বছৰ আৰু MCA হ'লে 2 বছৰ Experience লাগিব। Age: 21 বছৰৰ পৰা 40 বছৰলৈ।

4. Deputy Project Director - 7 পদ: Post Graduate in Agriculture & Allied Sector + 5 বছৰ Managerial বা Supervisory Experience লাগিব। BTM হিচাপে 5 বছৰ কাম কৰা সকলো Eligible। Age: 21 ৰ পৰা 40 বছৰ। এইটো আটাইতকৈ ডাঙৰ পদ, দৰমহাও 52,000 টকা।

5. Accountant cum Clerk - 4 পদ: B.Com পাছ কৰিব লাগিব। লগতে কোনো Reputed Organization ত 3 বছৰ Accountancy ৰ Experience লাগিব। Tally, Excel জানিলে বেছি ভাল। Age: 21 ৰ পৰা 40 বছৰ।

⚠️ ডাঙৰ নিয়ম মনত ৰাখিবা: এজন Candidate এ কেৱল 1 টা Post তহে Apply কৰিব পাৰিব। 2 টা Post ত Apply কৰিলে তোমাৰ Candidature Cancel হৈ যাব। গতিকে ভালকৈ ভাবি এটা Post বাচি লোৱা।

Age Limit আৰু Application Fee

Age Limit (01-01-2026 হিচাপত): District Level পদ - Deputy Project Director, Accountant, Computer Programmer ৰ বাবে 21 ৰ পৰা 40 বছৰ। Block Level পদ - BTM, ATM ৰ বাবে 21 ৰ পৰা 45 বছৰ। SC / ST / OBC ৰ বাবে চৰকাৰী নিয়ম মতে Age Relaxation পাব।

Application Fee: General - Rs. 250, OBC / SC / ST - Rs. 125, BPL / PwD - Free। Fees Online দিব লাগিব। Fees এবাৰ দিলে Refund নহয়, গতিকে Apply কৰাৰ আগতে Eligibility ভালকৈ চাই লোৱা।

Selection Process আৰু Exam Pattern

এই Recruitment ত কোনো Interview নাই। Selection সম্পূৰ্ণ Merit ৰ ওপৰত হ'ব। প্ৰথমে OMR Based Written Test হ'ব। তাত 100 টা MCQ Question, 100 Marks থাকিব। Question বোৰ Agriculture, General Knowledge, Reasoning, English, Computer, Current Affairs ৰ পৰা আহিব পাৰে।

Written Test ত পাছ কৰা সকলক Document Verification ৰ বাবে মাতিব। তাত Original Certificate চাব। Document ঠিক থাকিলেই Final Selection হ'ব। Exam Date, Time আৰু Venue পিছত aau.ac.in আৰু বাতৰি কাকতত দিব। Exam Center Guwahati, Jorhat, Tezpur, Silchar, Bongaigaon আদিত হ'ব পাৰে।

কি কি Documents লাগিব?

Apply কৰোঁতে আৰু Verification ৰ সময়ত এইবোৰ লাগিব: 1. HSLC Admit / Birth Certificate, 2. HSLC, HS, Graduation, Post Graduation Marksheet আৰু Certificate, 3. Experience Certificate, 4. Caste Certificate (যদি আছে), 5. PRC / Domicile, 6. Aadhaar Card, 7. Passport Size Photo আৰু Signature, 8. Employment Exchange Registration Card। সকলো Documents Scan কৰি ৰাখিবা।

কেনেকৈ Apply কৰিব? Step by Step

Step 1: online.aau.ac.in/atma-2026 ত যাওক। Step 2: তোমাৰ Post টো বাচক। Step 3: Name, DOB, Address, Qualification, Experience সকলো শুদ্ধকৈ Fill কৰক। Step 4: Photo, Signature, Certificate Upload কৰক। Step 5: Fees Payment কৰক। Step 6: Final Submit কৰি Print Out লৈ ৰাখক। 11 Dec 2026, 4 PM ৰ পিছত Link বন্ধ হৈ যাব।

Important Dates

Notification Date: 10 Nov 2026
Apply Start: 12 Nov 2026, 4 PM
Last Date: 11 Dec 2026, 4 PM
Exam Date: পিছত Announce কৰিব

Preparation Tips - কেনেকৈ পাছ কৰিবা?

যিহেতু 100 Marks ৰ OMR Exam, গতিকে এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰা। Agriculture ৰ Basic, Assam ৰ কৃষি আঁচনি, ATMA কি, Government Schemes, Current Affairs ভালকৈ পঢ়া। Previous Year ৰ Question নাই, কিন্তু General Agriculture ৰ পৰা বেছি Question আহে। Daily 3-4 ঘণ্টা পঢ়িলে যথেষ্ট। Mock Test দিয়াৰ অভ্যাস কৰা।


Frequently Asked Questions (FAQ)

Q: AAU ATMA ত মুঠ কিমান পদ আছে?

A: মুঠ 310 টা পদ আছে। ATM ত 257, BTM ত 33, Computer Programmer ত 9, Deputy Project Director ত 7, Accountant ত 4।

Q: এইটো Permanent চাকৰি নে?

A: নহয়, এইটো 11 মাহৰ Contractual চাকৰি। ভাল কাম কৰিলে আৰু Project থাকিলে Extend হ'ব পাৰে।

Q: Interview হ'ব নেকি?

A: নহয়, কেৱল OMR Written Test 100 Marks, তাৰ পিছত Document Verification।

Q: 2 টা Post ত Apply কৰিব পাৰিম নে?

A: নোৱাৰিবা। কেৱল 1 টা Post ত Apply কৰিব পাৰিবা।

Q: Salary কিমান পাম?

A: Deputy Project Director - 52,000, BTM / Accountant - 30,000, ATM / Computer Programmer - 25,000 টকা প্ৰতি মাহে।

যদি এই খবৰটো ভাল লাগিলে Share কৰক। আৰু চাকৰিৰ খবৰৰ বাবে আমাৰ Blog টো Follow কৰি ৰাখক। তোমাৰ কোনটো Post ত Apply কৰিছা Comment ত জনাবা!

Share:

Age Calculator - তোমাৰ সঠিক বয়স কিমান? | Free Online Age Calculator

Age Calculator - তোমাৰ সঠিক বয়স কিমান?

তুমি কেতিয়াবা ভাবিছানে তোমাৰ সঠিক বয়স কিমান? কেৱল বছৰ নহয়, মাহ, দিন, ঘণ্টা, মিনিট, চেকেণ্ড লৈকে?

আমাৰ এই Free Age Calculator টোৱে তোমাক 1 চেকেণ্ডতে কৈ দিব তোমাৰ সঠিক বয়স কিমান।

কেনেকৈ ব্যৱহাৰ কৰিবা?

1. Date of Birth ত তোমাৰ জন্ম তাৰিখ দিয়া
2. Age at the Date of ত আজিৰ তাৰিখ থাকিবই
3. Calculate Button ত ক্লিক কৰা
4. হৈ গ'ল! তোমাৰ Result ওলাই যাব।

Age Calculator
The Age Calculator can determine the age or interval between two dates. The calculated age will be displayed in years, months, weeks, days, hours, minutes, and seconds.
▼ Modify the values and click the Calculate button to use
📅
📅
Result
Age in Years
Age in Months
Age in Weeks
Age in Days
Age in Hours
Age in Minutes
Age in Seconds

এই Calculator ত কি কি পাবা?

✅ Age in Years - কিমান বছৰ হ'ল
✅ Age in Months, Weeks, Days
✅ Age in Hours, Minutes, Seconds - একেবাৰে সঠিক
✅ তুমি কোন বাৰে জন্ম হৈছিলা

Frequently Asked Questions

Q: এই Calculator টো Free নে?
A: হয়, 100% Free। কোনো Sign Up নালাগে।

Q: Mobile ত চলিব নে?
A: হয়, Mobile, Laptop, Tablet - সকলোতে চলিব।

Q: মোৰ Data Save হ'ব নেকি?
A: নহয়, তোমাৰ জন্ম তাৰিখ ক'তো Save নহয়, 100% Safe।

তোমাৰ বয়স কিমান ওলালে? Comment ত জনাবা!

Share:

Image Compressor - Photo Size কমাওক Online | 20KB, 50KB, 100KB | MKB Support

Image Compressor - Photo ৰ Size সৰু কৰক Online, একেবাৰে Free!

আপোনাৰ Photo ৰ Size বেছি হৈছে নেকি? চাকৰি, Exam, Scholarship, Form Fillup ৰ বাবে 20KB, 50KB, 100KB ৰ Photo লাগে নেকি?

MKB Support ৰ এই Free Image Compressor Tool ৰে আপুনি 10 ছেকেণ্ডতে Photo ৰ Size সৰু কৰিব পাৰিব - Quality বেয়া নোহোৱাকৈ।

✅ এই Tool ৰ বিশেষত্ব:
✅ 100% Free - কোনো টকা নালাগে
✅ No Watermark - Photo ত কোনো দাগ নপৰে
✅ No Login - App Download কৰিব নালাগে
✅ 20KB, 50KB, 100KB, 200KB - নিজৰ মতে Size বাছক
✅ 100% Safe - Photo ক'তো Upload নহয়, সকলো কাম আপোনাৰ মোবাইলতে হয়
📌 কেনেকৈ ব্যৱহাৰ কৰিব?
1️⃣ Photo Add কৰক   2️⃣ Target Size বাছক - যেনে 50KB
3️⃣ Compress ত Click কৰক   4️⃣ সৰু Photo Download কৰক - হৈ গ'ল!

এই Tool টো Assam Govt Job, APSC, ADRE, Police, TET, Scholarship - সকলো Form ৰ বাবে কামত আহিব। তলৰ Tool টো ব্যৱহাৰ কৰক 👇

⭐ MKB SUPPORT • 100% FREE

Image Compressor & Resizer

Photo ৰ Size সৰু কৰক - Form, Job, Exam ৰ বাবে

📸 0 Photo | 💾 0 KB → 0 KB

🔒 Privacy: Photo ক'তো Upload নহয়। সকলো কাম তোমাৰ মোবাইলতে হয়।
© www.mkbsupport.in

Image Compressor কিয় ব্যৱহাৰ কৰিব?

বহু সময়ত Online Form ত Photo Upload কৰোতে "File Size Too Large" বুলি দেখায়। তেতিয়া Photo ৰ Size 20KB বা 50KB লৈ সৰু কৰিব লাগে। বজাৰৰ দোকানলৈ যাব নালাগে, এতিয়া ঘৰতে মোবাইলেৰে কৰি লওক।

Popular Searches: Photo Compressor, Image Size Kamai, 20KB Photo Kaise Banaye, Passport Photo Size, JPG Compressor

এই Post টো Share কৰি আনকো সহায় কৰক 🙏

Share:

JPEG to PDF Converter - Photo ৰ পৰা PDF বনাওক | 100% Free | MKB Support

JPEG to PDF Converter - Free Online Tool | MKB Support

আপুনি যদি Photo ৰ পৰা PDF বনাব বিচাৰিছে, তেন্তে আপুনি সঠিক ঠাইত আহিছে। MKB Support ৰ JPEG to PDF Converter ৰ সহায়ত আপুনি কোনো App Download নকৰাকৈ, কোনো টকা নিদিয়াকৈ, মাত্ৰ 10 ছেকেণ্ডত আপোনাৰ Photo ৰ পৰা High Quality PDF বনাব পাৰিব।

এই Tool টো বিশেষকৈ অসমৰ ছাত্ৰ-ছাত্ৰী, চাকৰি বিচৰা যুৱক-যুৱতী, আৰু চৰকাৰী কাম কৰা মানুহৰ বাবে বনোৱা হৈছে। আধাৰ কাৰ্ড, পেন কাৰ্ড, মাৰ্কশ্বিট, চাৰ্টিফিকেট, Passport Photo - সকলোখিনিৰ PDF ইয়াতে বনাব পাৰিব।

✨ এই Tool ৰ বিশেষত্ব কি?

  • 100% Free - কোনো টকা নালাগে, কোনো Watermark নাথাকে
  • No Login - Email, Password একো নালাগে
  • বহু Photo একেলগে - 1 টা নহয়, 10-20 টা Photo একেলগে এটা PDF ত বনাব পাৰিব
  • Photo Order সলাব পাৰিব - ↑ ↓ বুটামেৰে Photo ওপৰ-তল কৰিব পাৰিব
  • Photo Rotate কৰিব পাৰিব - বেঁকা Photo পোন কৰিব পাৰিব
  • Page Size - A4, A5, Letter, Legal - সকলো আছে
  • PDF Quality - High, Medium, Low - নিজৰ প্ৰয়োজন মতে বাছক
  • 100% Safe - তোমাৰ Photo ক'তো Upload নহয়, সকলো কাম তোমাৰ মোবাইলতে হয়

📱 JPEG to PDF কেনেকৈ বনাব? Step by Step

Step 1: ওপৰত Photo Add কৰক বুটামত Click কৰক। Gallery ৰ পৰা Photo Select কৰক। বহুকেইটা একেলগে Select কৰিব পাৰে।

Step 2: Photo বোৰৰ Order চাওক। যদি Order ভুল হৈছে, ↑ ↓ বুটামেৰে সলাই লওক। বেঁকা Photo থাকিলে ↻ বুটামত Click কৰি পোন কৰক।

Step 3: এতিয়া Page Size বাছক। চৰকাৰী কামৰ বাবে সদায় A4 বাছিব। Orientation ত Portrait ৰাখিব।

Step 4: PDF Quality বাছক। WhatsApp ত পঠাবলৈ Medium Best। Print কৰিবলৈ High বাছিব।

Step 5: PDF বনাওক & Download বুটামত Click কৰক। 2-3 ছেকেণ্ডতে PDF Download হৈ যাব। হৈ গ'ল!

⭐ MKB SUPPORT • 100% FREE • NO WATERMARK

JPEG to PDF ULTRA

Photo টানি আনি পেলাওক - 10 ছেকেণ্ডত PDF Ready

📸 0 Photo 💾 0 MB 🔒 100% Safe
কেনেকৈ ব্যৱহাৰ কৰিব?
1️⃣ Photo Add কৰক   2️⃣ ↑ ↓ / ↻ ৰে Order / Rotate সলাওক
3️⃣ Page Size, Quality বাছক   4️⃣ PDF বনাওক ত Click কৰক ✅

🔒 Privacy: Photo ক'তো Upload নহয়। সকলো কাম তোমাৰ মোবাইলতে হয়।
© www.mkbsupport.in - Made with ❤️ for Assam | Share কৰক 🙏

💼 এই Tool ক'ত ক'ত কামত আহিব?

1. চাকৰিৰ বাবে Apply কৰোতে: ADRE, Assam Police, Railway, SSC - সকলো চাকৰিত Document PDF ত লাগে। ইয়াতে বনাই লওক।

2. Scholarship / Scooty / Aadhaar কামত: Form ৰ লগত Document PDF দিব লাগে।

3. School / College Admission: Marksheet, Certificate ৰ PDF বনাবলৈ।

4. WhatsApp / Email ত পঠাবলৈ: বহু Photo একেলগে পঠোৱাতকৈ এটা PDF পঠোৱা বহুত সহজ।

5. Passport Photo ৰ PDF: Passport Size Photo ৰ PDF বনাই Print কৰিব পাৰিব।

❓ সঘনাই সোধা প্ৰশ্ন (FAQ)

Q. এই Tool টো সঁচাকৈ Free নে?
হয়, 100% Free। কোনো টকা, কোনো Watermark, কোনো Limit নাই। দিনত যিমান মন যায় সিমানবাৰ ব্যৱহাৰ কৰিব পাৰিব।

Q. মোৰ Photo ক'ৰবাত Save হ'ব নেকি?
নহয়। এইটোৱেই আটাইতকৈ ডাঙৰ কথা। তোমাৰ Photo আমাৰ Server লৈ নাযায়। সকলো কাম তোমাৰ মোবাইলৰ Browser তে হয়। গতিকে 100% Safe।

Q. এটা PDF ত কেইটা Photo দিব পাৰি?
তুমি 20-30 টা Photo ও একেলগে দিব পাৰা। কিন্তু বেছি Photo দিলে PDF ৰ Size ডাঙৰ হ'ব।

Q. PDF ৰ Size কেনেকৈ সৰু কৰিব?
Quality ত Low Select কৰা। PDF ৰ Size বহুত সৰু হৈ যাব। WhatsApp ত পঠাবলৈ সহজ হ'ব।

Q. iPhone ত চলিব নে?
হয়, Android, iPhone, Laptop, Computer - সকলোতে চলিব। কোনো App নালাগে।

🏆 MKB Support কিয় বেলেগ?

Google ত বহুত JPEG to PDF Website আছে, কিন্তু বেছিভাগতে Watermark থাকে, নহ'লে টকা বিচাৰে। www.mkbsupport.in ত আমি অসমীয়া মানুহৰ বাবে সহজ ভাষাত, একেবাৰে Free Tool বনাইছোঁ। আমাৰ লক্ষ্য - অসমৰ প্ৰতিজন মানুহে যাতে মোবাইলৰ পৰাই সকলো কাম কৰিব পাৰে।

এই Tool টো ভাল লাগিলে তোমাৰ বন্ধুক WhatsApp ত Share কৰি দিয়া। তেওঁলোকৰো সহায় হ'ব। আৰু নতুন Tool ৰ বাবে www.mkbsupport.in Bookmark কৰি ৰাখা।

ধন্যবাদ 🙏 Team MKB Support

Share:

Photo Resizer Tool - Online Free ত Photo Resize কৰক

🖼️ Photo Resizer Tool - Online Free ত Photo Resize কৰক

MKB Support | 100% Free | No App লাগে | No Watermark

আপুনি কেতিয়াবা Passport Size Photo, Job ৰ বাবে Photo, বা YouTube Thumbnail ৰ বাবে Photo ৰ Size সলাবলৈ অসুবিধা পাইছে নে? এতিয়া চিন্তা কৰিব নালাগে।

MKB Support ৰ এই Free Photo Resizer Tool ৰ সহায়ত আপুনি ঘৰতে বহি, মোবাইলৰ পৰাই মাত্ৰ 10 ছেকেণ্ডত যিকোনো Photo ৰ Size সলাব পাৰিব। ইয়াৰ বাবে কোনো App Download কৰিব নালাগে, কোনো টকা দিব নালাগে।

✅ এই Tool ৰে কি কি কৰিব পাৰিব?
✔ Passport Size Photo - 300x300 ত 1 Click ত
✔ Instagram / Facebook Profile - 800x800 ত
✔ YouTube / Blog Thumbnail - 1200x630 ত
✔ HD Photo - 1920x1080 ত
✔ Photo ৰ Size কমাব - Quality কমাই JPG সৰু কৰিব পাৰিব
✔ JPG, PNG, WEBP - তিনিওটা Format ত Download

📝 কেনেকৈ ব্যৱহাৰ কৰিব?

Step 1: তলত "Photo Select কৰক" বুটামত Click কৰক।
Step 2: Gallery ৰ পৰা Photo টো Select কৰক।
Step 3: Width আৰু Height দিয়ক, নাইবা Passport / Instagram / Thumbnail বুটামত Click কৰক।
Step 4: "Resize কৰি Download কৰক" ত Click কৰক - Photo ডাউনলোড হৈ যাব।

🔒 100% Safe: আপোনাৰ Photo আমাৰ Server লৈ নাযায়। সকলো কাম আপোনাৰ মোবাইল / কম্পিউটাৰতে হয়।

👇 তলত Tool টো ব্যৱহাৰ কৰক 👇

JPG / PNG / WEBP - মোবাইলৰ পৰাও হ'ব

চৰকাৰী Form, চাকৰিৰ আবেদন, পৰীক্ষাৰ Admit, বা Social Media - সকলোতে এই Tool টোৱে কামত আহিব। বন্ধুকো Share কৰিবলৈ নাপাহৰিব।

© MKB Support - Free Photo Resizer Tool

Share:

PROFESSIONAL BIO-DATA WRITE AND PRINT

১ মিনিটত Professional Bio-Data বনাওক। নাম, ফটো, ঠিকনা, শিক্ষাগত যোগ্যতা দিলেই হ'ল - A4 Size ত সুন্দৰ ডিজাইনত Bio-Data Ready হৈ যাব। তলত Form টো Fill কৰক আৰু Print বুটাম টিপক।

PROFESSIONAL BIO-DATA - A4 SIZE

A4 Print Perfect Fit























Share:

অসমৰ চৰকাৰী আঁচনি 2025-26 | Assam Scheme

অসমৰ চৰকাৰী আঁচনি 2025-26 | Assam Scheme

অসমৰ ডাঙৰ চৰকাৰী আঁচনি সমূহ | Assam Scheme 2025-26

অসম চৰকাৰৰ সকলো আঁচনি একেলগে জানি লওক

অসম চৰকাৰে মহিলা, ছাত্ৰ-ছাত্ৰী, কৃষক আৰু দুখীয়া পৰিয়ালৰ বাবে বহুতো আঁচনি চলাই আছে। আজি আমি আটাইতকৈ ডাঙৰ আৰু জনপ্ৰিয় ৭ টা আঁচনিৰ বিষয়ে জানিম।

১. অৰুণোদয় আঁচনি (Orunodoi Scheme)

অসমৰ আটাইতকৈ ডাঙৰ আঁচনি। এই আঁচনিৰ অধীনত মহিলাসকলক মাহে ১২৫০ টকা দিয়া হয়। পৰিয়ালৰ মহিলা গৰাকীৰ বেংক একাউণ্টত পোনে পোনে টকা সোমায়। বৰ্তমান ৩৭ লাখতকৈ অধিক মহিলাই এই সুবিধা পাই আছে।

২. মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান

মহিলাসকলক আত্মনিৰ্ভৰশীল কৰিবলৈ এই আঁচনি। প্ৰতিগৰাকী মহিলাক ১০,০০০ টকা প্ৰথম কিস্তিত দিয়া হয়। ইয়াৰে মহিলাসকলে সৰু ব্যৱসায়, গাহৰি পালন, কুকুৰা পালন, হস্তশিল্প আদি আৰম্ভ কৰিব পাৰে।

৩. প্ৰজ্ঞান ভাৰতী আঁচনি - স্কুটি

HS ত First Division পোৱা ছোৱালীক চৰকাৰে ফ্ৰী স্কুটি দিয়ে। ল'ৰাকো ভাল নম্বৰ পালে পুৰস্কাৰ দিয়া হয়। এই আঁচনিয়ে ছাত্ৰীসকলক পঢ়াত বহুত উৎসাহ দিয়ে।

৪. মুখ্যমন্ত্ৰী নিজুত মইনা আঁচনি

ছোৱালীৰ শিক্ষাৰ বাবে এই আঁচনি। HS ত পঢ়া ছোৱালীয়ে মাহে ১০০০ টকা, Degree ত ১২৫০ টকা আৰু PG ত ২৫০০ টকা পায়। ইয়াৰ উদ্দেশ্য হ'ল বাল্য বিবাহ ৰোধ কৰা আৰু ছোৱালীক পঢ়োৱা।

৫. আয়ুষ্মান অসম - মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা

দুখীয়া পৰিয়ালক বছৰি ৫ লাখ টকালৈকে ফ্ৰী চিকিৎসা দিয়া হয়। এই কাৰ্ডেৰে অসমৰ চৰকাৰী আৰু ব্যক্তিগত হাস্পতালত চিকিৎসা কৰিব পাৰি।

৬. অসম মাইক্ৰ' ফাইনেন্স ঋণ ৰেহাই আঁচনি

যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লৈছিল, তেওঁলোকক চৰকাৰে ঋণ ৰেহাই দিছে। বহুত পৰিয়ালে ইয়াৰ পৰা সকাহ পাইছে।

৭. ৰেচন কাৰ্ড - NFSA

ৰেচন কাৰ্ড থাকিলে মাহে ফ্ৰী চাউল, দাইল, নিমখ পোৱা যায়। নতুন ৰেচন কাৰ্ডৰ বাবে অনলাইনত আবেদন কৰিব পাৰি।

কেনেকৈ আবেদন কৰিব?

বেছিভাগ আঁচনিৰ বাবে seva setu, mygov assam পৰ্টেল বা নিকটৱৰ্তী CSC Centre ত গৈ আবেদন কৰিব লাগে। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক পাছবুক আৰু ফটো লগত লৈ যাব। কোনো দালালক টকা নিদিব, সকলো আঁচনি ফ্ৰী।

তোমাৰ কোনটো আঁচনিৰ বিষয়ে জানিবলৈ মন আছে? Comment ত লিখিবা।

Share:

PM Kisan 22nd Kisti 2026 - 2000 টকা কেতিয়া সোমাব? List ত নাম কেনেকৈ Check কৰিব?

PM Kisan 22nd Kisti 2026 - 2000 টকা কেতিয়া সোমাব? List ত নাম কেনেকৈ Check কৰিব?

PM Kisan ৰ 2000 টকা আপোনাৰ Account ত সোমাইছে নে? 22nd Kisti ৰ টকা সোমোৱা আৰম্ভ হৈছে। বহুতৰে টকা আহিছে, বহুতৰে অহা নাই। কাৰণটো আজি জানক।

👉 Quick Info:
✔️ PM Kisan ত বছৰি 6000 টকা পায় - 3 টা কিস্তিত
✔️ 22nd Kisti - 2000 টকা
✔️ e-KYC নকৰিলে টকা নাহে

PM Kisan 22nd Kisti কেতিয়া সোমাব?

চৰকাৰে কিস্তিৰ টকা পোনে পোনে কৃষকৰ Bank Account ত দিয়ে। সাধাৰণতে কিস্তি মুকলি হোৱাৰ 2-3 দিনৰ ভিতৰত সকলোৰে Account ত সোমায়।

যদি আপোনাৰ টকা এতিয়াও সোমোৱা নাই, তেন্তে তলৰ 3 টা কাৰণ Check কৰক।

PM Kisan List ত নাম কেনেকৈ Check কৰিব?

Step 1: pmkisan.gov.in ত যাওক
Step 2: Beneficiary Status ত ক্লিক কৰক
Step 3: Aadhaar Number / Mobile Number দিয়ক
Step 4: Get Data ত ক্লিক কৰক - আপোনাৰ সকলো কিস্তি দেখা পাব

টকা নহাৰ 3 টা ডাঙৰ কাৰণ

  • 1. e-KYC কৰা নাই: PM Kisan ত e-KYC বাধ্যতামূলক। নকৰিলে টকা বন্ধ।
  • 2. Land Seeding নাই: মাটিৰ ৰেকৰ্ডৰ লগত নাম নিমিলিলে টকা নাহে।
  • 3. Aadhaar - Bank Link নাই: Bank Account ত Aadhaar Link + DBT Enable নাথাকিলে টকা ঘূৰি যায়।

⚠️ Status ত কি লিখা আছে চাওক

Payment Success: টকা সোমাই গৈছে, Bank ত Check কৰক
Payment Pending: অলপ ৰ'ব, 2-3 দিনত সোমাব
Payment Failed / Rejected: Bank / Aadhaar ত সমস্যা আছে, CSC লৈ যাওক

PM Kisan e-KYC ঘৰতে কেনেকৈ কৰিব?

  1. pmkisan.gov.in ত যাওক
  2. e-KYC ত ক্লিক কৰক
  3. Aadhaar Number + OTP দিয়ক
  4. Done - 2 মিনিটতে হয়

OTP নাহিলে CSC Centre লৈ যাওক - Fingerprint দি e-KYC কৰি দিব।

নতুনকৈ PM Kisan ৰ বাবে কেনেকৈ আবেদন কৰিব?

Aadhaar Card, Land Document (Jamabandi), Bank Passbook, Mobile Number লৈ ওচৰৰ CSC Centre ত যোগাযোগ কৰক।

সামৰণি

PM Kisan ৰ টকা পাবলৈ e-KYC, Land Seeding, Aadhaar Link - এই 3 টা ঠিক থাকিবই লাগিব। আজিয়েই Status Check কৰি লওক।

আপোনাৰ 22nd Kisti সোমাইছে নে? তলত Comment কৰি জনাওক।

MKB Support - আপোনাৰ বিশ্বস্ত CSC সহায়ক
www.mkbsupport.in
Share:

Aadhaar Card Update 2026 - Free Update ৰ Last Date, ঘৰতে কেনেকৈ কৰিব?

Aadhaar Card Update 2026 - Free Update ৰ Last Date, ঘৰতে কেনেকৈ কৰিব?

আপোনাৰ Aadhaar Card 10 বছৰতকৈ পুৰণি হৈছে নেকি? তেন্তে সাৱধান! UIDAI ৱে সকলোকে Aadhaar Update কৰিবলৈ কৈছে। নকৰিলে বেংক, ৰেচন, পেঞ্চন, PM Kisan সকলোতে সমস্যা হ'ব পাৰে।

👉 Quick Info:
✔️ myAadhaar Portal ত Online Update FREE
✔️ CSC Centre ত গ'লে মাথোঁ 50 টকা
✔️ Proof of Identity + Proof of Address লাগিব

Aadhaar Update কিয় লাগে?

10 বছৰত আপোনাৰ ফটো, ঠিকনা, নাম বহুত সলনি হয়। UIDAI ৱে কৈছে - 10 বছৰত এবাৰ হ'লেও Aadhaar ৰ Document Update কৰিবই লাগে। নহ'লে আপোনাৰ Aadhaar Inactive হৈ যাব পাৰে।

কাৰ কাৰ Update কৰিব লাগিব?

  • যাৰ Aadhaar 10 বছৰৰ আগতে বনাইছিল
  • যাৰ ঠিকনা সলনি হৈছে - গাঁৱৰ পৰা চহৰলৈ আহিছে
  • বিয়াৰ পিছত নাম / পদবী সলনি হৈছে
  • মোবাইল নম্বৰ Aadhaar ত Link নাই

Aadhaar Update কৰিবলৈ কি কি লাগিব?

  1. Aadhaar Number / Aadhaar Card
  2. মোবাইল নম্বৰ - OTP আহিব
  3. Proof of Identity - Voter ID / PAN Card / Passport
  4. Proof of Address - Ration Card / Bank Passbook / Electricity Bill

ঘৰতে Online কেনেকৈ কৰিব? 5 টা Step

Step 1: myaadhaar.uidai.gov.in ত যাওক
Step 2: Aadhaar Number + OTP দি Login কৰক
Step 3: Document Update ত ক্লিক কৰক
Step 4: POI + POA ৰ ফটো Upload কৰক
Step 5: Submit কৰক - SRN Number টো লিখি ৰাখক

⚠️ সাৱধান - এই ভুলবোৰ নকৰিব

1. নিজৰ ফটো দি Update নহয় - Document Update ত ফটো সলনি নহয়, ফটোৰ বাবে Centre লৈ যাব লাগে
2. ভুল Document দিলে Reject হয় - স্পষ্ট ফটো দিব
3. মোবাইল Link নাথাকিলে Online নহয় - তেতিয়া CSC লৈ যাব লাগিব

CSC Centre ত কিমান টকা লাগে?

Document Update - 50 টকা
নতুন Aadhaar / Biometric Update (আঙুলি, চকু, ফটো) - 100 টকা
মোবাইল নম্বৰ Link - 50 টকা

ইয়াতকৈ বেছি টকা খুজিলে নিদিব।

সামৰণি

Aadhaar Update এতিয়া নকৰিলে পিছত বহুত দৌৰিব লাগিব। আজিয়েই Check কৰক আপোনাৰ Aadhaar কিমান বছৰৰ পুৰণি।

সমস্যা হৈছে নেকি? তলত Comment কৰক।

MKB Support - আপোনাৰ বিশ্বস্ত CSC সহায়ক
www.mkbsupport.in
Share:

Jeevan Pramaan Life Certificate 2026 - অসমত ঘৰতে কেনেকৈ কৰিব? সম্পূৰ্ণ নিয়ম

Jeevan Pramaan Life Certificate 2026 - অসমত ঘৰতে কেনেকৈ কৰিব? সম্পূৰ্ণ নিয়ম

প্ৰতি বছৰে নৱেম্বৰ মাহ আহিলেই পেঞ্চনাৰ সকলৰ এটাই চিন্তা - Life Certificate। পেঞ্চন বন্ধ নোহোৱাকৈ ৰাখিবলৈ প্ৰতি বছৰে Jeevan Pramaan জমা দিবই লাগিব।

আজি আমি জানিম - অসমত ঘৰতে বহি, বা CSC Centre ৰ পৰা কেনেকৈ সহজে Digital Life Certificate বনাব পাৰি।

👉 Quick Info:
✔️ 1 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত কৰিব লাগে
✔️ CSC Centre ত মাথোঁ 5 মিনিটতে হয়
✔️ আধাৰ + PPO Number লাগিব

Jeevan Pramaan কি?

Jeevan Pramaan হৈছে ভাৰত চৰকাৰৰ Digital Life Certificate ব্যৱস্থা। আগতে বেংকত গৈ ফৰ্ম পূৰাই Life Certificate জমা দিব লাগিছিল, এতিয়া আঙুলিৰ ছাপ (Fingerprint) দিলেই হৈ যায়।

ইয়াৰ ডাঙৰ সুবিধা হ'ল - আপুনি অসমৰ যিকোনো ঠাইৰ পৰা কৰিলেও, আপোনাৰ পেঞ্চন দিয়া অফিচে তাক গ্ৰহণ কৰিব।

কোনে কোনে Jeevan Pramaan কৰিব লাগিব?

  • Assam Government ৰ পেঞ্চনাৰ - PWD, Education, Health, Police, SC Caste Office আদি
  • Central Government ৰ পেঞ্চনাৰ
  • EPFO Pensioner - যি সকলে EPFO ৰ পৰা পেঞ্চন পায়
  • Family Pensioner - স্বামী / পত্নীৰ মৃত্যুৰ পিছত পেঞ্চন পোৱা সকল

Jeevan Pramaan কৰিবলৈ কি কি লাগিব?

  1. আধাৰ কাৰ্ড
  2. PPO Number - পেঞ্চনৰ কিতাপখনত থাকে
  3. বেংকৰ Passbook / Account Number
  4. মোবাইল নম্বৰ - OTP ৰ বাবে
  5. আঙুলিৰ ছাপ স্পষ্ট হ'ব লাগিব

Jeevan Pramaan কেনেকৈ কৰিব? ৩টা সহজ উপায়

১. CSC Centre ৰ পৰা:

আপোনাৰ ওচৰৰ CSC / Common Service Centre লৈ PPO কিতাপ, আধাৰ আৰু বেংকৰ Passbook লৈ যাওক। ৫ মিনিটতে হৈ যাব।

২. Jeevan Pramaan App ৰ পৰা:

মোবাইলত Jeevan Pramaan App ডাউনলোড কৰি, Face Authentication ৰে ঘৰতে কৰিব পাৰি।

৩. বেংকৰ পৰা:

আপুনি যি বেংকৰ পৰা পেঞ্চন পায়, সেই বেংকতো Life Certificate কৰিব পাৰি।

⚠️ সাধাৰণ ভুলবোৰ - যিবোৰৰ বাবে Reject হয়

1. Organisation Type ভুলকৈ বাছনি কৰা: EPFO ৰ মানুহে State Government লোৱা, বা State Government ৰ মানুহে EPFO লোৱা।
2. PPO Number ভুলকৈ টাইপ কৰা
3. Aadhaar ত নাম আৰু PPO ত নাম বেলেগ হোৱা

মনত ৰাখিব - আপুনি ক'ত চাকৰি কৰিছিল সেইটো নহয়, কোনে পেঞ্চন দিয়ে সেইটোহে Jeevan Pramaan ত ল'ব লাগে। যেনে - SC Caste Office ত চাকৰি কৰিলেও, যদি পেঞ্চন EPFO ৱে দিয়ে, তেন্তে EPFO ল'ব লাগিব।

Jeevan Pramaan কেতিয়া কৰিব লাগে?

সাধাৰণতে ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত কৰিব লাগে। ৮০ বছৰৰ ওপৰৰ সকলে ১ অক্টোবৰৰ পৰাই কৰিব পাৰে।

পলম কৰিলে ডিচেম্বৰৰ পেঞ্চন বন্ধ হৈ যাব পাৰে, গতিকে সোনকালে কৰি লওক।

সামৰণি

Jeevan Pramaan এতিয়া বহুত সহজ হৈ গৈছে। PPO কিতাপখন লৈ ওচৰৰ CSC Centre লৈ গ'লেই ৫ মিনিটতে কাম শেষ।

আপোনাৰ কিবা সমস্যা হৈছে নেকি? তলত Comment কৰক, আমি সহায় কৰিম।

MKB Support - আপোনাৰ বিশ্বস্ত CSC সহায়ক
www.mkbsupport.in
Share:

Assam Police Constable 2026 - Maths With Solution | 100 Questions Solved

Assam Police Maths With Solution - 100 Questions

Maths With Full Solution | Assam Police Constable 2026 | MKB Support
কেৱল Answer নহয়, সম্পূৰ্ণ Solution দিয়া হৈছে। এইবোৰ বুজিলেই পৰীক্ষাত যিকোনো অংক কৰিব পাৰিবা।

Part 1: Percentage - শতাংশ (1-20)

1. 800 ৰ 25% কিমান?
Solution: 800 × 25/100 = 800 × 1/4 = 200

2. 1200 ৰ 15% কিমান?
Solution: 1200 × 15/100 = 12 × 15 = 180

3. কোনো সংখ্যাৰ 30% = 90, সংখ্যাটো কিমান?
Solution: সংখ্যাটো = 90 × 100/30 = 3 × 100 = 300

4. 500 ৰ পৰা 600 হ'ল, বৃদ্ধি কিমান %?
Solution: বৃদ্ধি = 100, % = 100/500 × 100 = 20%

5. 1000 ৰ পৰা 800 হ'ল, হ্ৰাস কিমান %?
Solution: হ্ৰাস = 200, % = 200/1000 × 100 = 20%

6. এজনৰ দৰমহা 20,000, 10% বৃদ্ধি হ'লে কিমান হ'ব?
Solution: বৃদ্ধি = 20000 × 10/100 = 2000, নতুন দৰমহা = 20000+2000 = 22,000

7. এজনৰ দৰমহা 20,000, 10% কৰ্তন হ'লে কিমান হ'ব?
Solution: কৰ্তন = 2000, নতুন দৰমহা = 20000-2000 = 18,000

8. 2500 ৰ 40% + 1000 ৰ 20% = ?
Solution: 2500×40/100 = 1000, 1000×20/100 = 200, মুঠ = 1000+200 = 1200

9. 600 ৰ 25% ৰ 20% কিমান?
Solution: 600×25/100 = 150, 150×20/100 = 30

10. চহৰৰ জনসংখ্যা 1,00,000, বছৰি 10% বৃদ্ধি, 2 বছৰ পিছত?
Solution: 1 বছৰ পিছত = 1,10,000, 2 বছৰ পিছত = 1,10,000 × 110/100 = 1,21,000

11. 80 ৰ কিমান % = 20?
Solution: 20/80 × 100 = 1/4 × 100 = 25%

12. 200 টকাৰ বস্তু 250 টকাত বিক্ৰী কৰিলে লাভ %?
Solution: লাভ = 50, % = 50/200 × 100 = 25%

13. 40% ৰেহাই + 20% ৰেহাই = মুঠ ৰেহাই কিমান?
Solution: সূত্ৰ = A+B - (A×B)/100 = 40+20 - (40×20)/100 = 60-8 = 52%

14. 12.5% মানে কিমান ভগ্নাংশ?
Solution: 12.5/100 = 125/1000 = 1/8

15. 0.5% ৰ ভগ্নাংশ?
Solution: 0.5/100 = 5/1000 = 1/200

16. 500 টকাৰ 10% লাভত বিক্ৰী দাম?
Solution: লাভ = 50, বিক্ৰী দাম = 500+50 = 550

17. 1000 টকাৰ 20% লোকচানত বিক্ৰী দাম?
Solution: লোকচান = 200, বিক্ৰী দাম = 1000-200 = 800

18. 2000 টকাৰ বস্তুত 25% ৰেহাই দিলে কিমানত পাব?
Solution: ৰেহাই = 500, দাম = 2000-500 = 1500

19. 10% লাভ আৰু 10% লোকচান, মুঠ?
Solution: সূত্ৰ = (10×10)/100 = 1% লোকচান

20. 20% লাভ আৰু 20% লোকচান, মুঠ?
Solution: (20×20)/100 = 4% লোকচান

Part 2: Profit-Loss - লাভ-লোকচান (21-40)

21. ক্ৰয়মূল্য 500, বিক্ৰীমূল্য 600, লাভ %?
Solution: লাভ = 100, % = 100/500 × 100 = 20%

22. ক্ৰয়মূল্য 800, বিক্ৰীমূল্য 720, লোকচান %?
Solution: লোকচান = 80, % = 80/800 × 100 = 10%

23. 20% লাভত বিক্ৰী দাম 1200, ক্ৰয়মূল্য?
Solution: ক্ৰয়মূল্য = 1200 × 100/120 = 10 × 100 = 1000

24. 20% লোকচানত বিক্ৰী দাম 800, ক্ৰয়মূল্য?
Solution: ক্ৰয়মূল্য = 800 × 100/80 = 10 × 100 = 1000

25. 10% ৰেহাইত 900 টকাৰ বস্তু কিমানত পাব?
Solution: ৰেহাই = 90, দাম = 900-90 = 810

26. 5% ৰেহাইত 1900, প্ৰকৃত দাম?
Solution: প্ৰকৃত দাম = 1900 × 100/95 = 20 × 100 = 2000

27. 12 টা বস্তু 10 টকাত কিনি 10 টা 12 টকাত বিক্ৰী কৰিলে লাভ %?
Solution: 120 টাৰ ক্ৰয়মূল্য = 100 টকা, বিক্ৰীমূল্য = 144 টকা, লাভ = 44, % = 44/100 × 100 = 44%

28. 100 টা কিতাপ 5000 টকাত কিনি 60 টকাকৈ বিক্ৰী কৰিলে লাভ?
Solution: বিক্ৰীমূল্য = 100×60 = 6000, লাভ = 6000-5000 = 1000

29. 3 টা বস্তুৰ দামত 2 টা বিক্ৰী কৰিলে লাভ %?
Solution: ধৰা 1 টাৰ দাম 1 টকা, 3 টাৰ ক্ৰয় = 3, 2 টাৰ বিক্ৰী = 3, 1 টাৰ বিক্ৰী = 1.5, লাভ = 0.5, % = 50%

30. 5 টা কল 20 টকাত কিনি 6 টা 30 টকাত বিক্ৰী কৰিলে লাভ %?
Solution: 30 টাৰ ক্ৰয় = 120, বিক্ৰী = 150, লাভ = 30, % = 30/120 × 100 = 25%

31. ক্ৰয়মূল্য 1000, 200 লাভ, লাভ %?
Solution: 200/1000 × 100 = 20%

32. 100 টকাৰ বস্তু 125 টকাত বিক্ৰী, লাভ %?
Solution: 25/100 × 100 = 25%

33. 10 টা কলমৰ দাম 50 টকা, 1 টাৰ দাম?
Solution: 50/10 = 5 টকা

34. 1 ডজন কলম 60 টকা, 1 টাৰ দাম?
Solution: 60/12 = 5 টকা

35. 20% লাভত 600 টকাৰ বস্তু কিমানত বিক্ৰী?
Solution: 600 × 120/100 = 720

36. 10% লোকচানত 900 টকাৰ বস্তু কিমানত বিক্ৰী?
Solution: 900 × 90/100 = 810

37. 500 টকাৰ বস্তু 550 ত বিক্ৰী, লাভ কিমান টকা?
Solution: 550-500 = 50 টকা

38. 1000 টকাত 100 লাভ, লাভ %?
Solution: 100/1000 × 100 = 10%

39. 2000 টকাৰ বস্তু 1800 ত বিক্ৰী, লোকচান %?
Solution: লোকচান = 200, % = 200/2000 × 100 = 10%

40. 400 টকাৰ বস্তু 500 ত বিক্ৰী, লাভ %?
Solution: লাভ = 100, % = 100/400 × 100 = 25%

Part 3: Average - গড় (41-60)

41. 10, 20, 30 ৰ গড়?
Solution: (10+20+30)/3 = 60/3 = 20

42. 5, 10, 15, 20, 25 ৰ গড়?
Solution: 75/5 = 15

43. প্ৰথম 10 টা স্বাভাৱিক সংখ্যাৰ গড়?
Solution: (n+1)/2 = (10+1)/2 = 5.5

44. প্ৰথম 100 টা সংখ্যাৰ গড়?
Solution: (100+1)/2 = 50.5

45. 5 জনৰ গড় বয়স 20, মুঠ বয়স?
Solution: 5 × 20 = 100

46. 10 জন ছাত্ৰৰ গড় নম্বৰ 70, মুঠ নম্বৰ?
Solution: 10 × 70 = 700

47. 4 টা সংখ্যাৰ গড় 25, 3 টাৰ গড় 20, 4ৰ্থ সংখ্যা?
Solution: 4 টাৰ মুঠ = 100, 3 টাৰ মুঠ = 60, 4ৰ্থ = 100-60 = 40

48. 5 টা সংখ্যাৰ গড় 27, এটা বাদ দিলে গড় 25, বাদ দিয়া সংখ্যা?
Solution: 5 টাৰ মুঠ = 135, 4 টাৰ মুঠ = 100, বাদ দিয়া = 135-100 = 35

49. পিতা আৰু পুত্ৰৰ গড় বয়স 30, পিতাৰ বয়স 45, পুত্ৰৰ?
Solution: মুঠ = 60, পুত্ৰ = 60-45 = 15

50. ক্ৰিকেটত 10 খন খেলত গড় 50, 11 খনত গড় 52 হ'বলৈ কিমান লাগিব?
Solution: 10 খনৰ মুঠ = 500, 11 খনৰ মুঠ = 572, 11ম খেলত = 572-500 = 72

51. 5 টা ক্ৰমিক সংখ্যাৰ গড় 20, আটাইতকৈ ডাঙৰটো?
Solution: মাজৰ সংখ্যা = 20, ডাঙৰটো = 20+2 = 22

52. 5 টা ক্ৰমিক সংখ্যাৰ গড় 20, আটাইতকৈ সৰুটো?
Solution: সৰুটো = 20-2 = 18

53. 15 জনৰ গড় 40, 5 জনৰ গড় 50, মুঠ 20 জনৰ গড়?
Solution: মুঠ = 15×40 + 5×50 = 600+250 = 850, গড় = 850/20 = 42.5

54. 8 টা সংখ্যাৰ গড় 12, 9ম সংখ্যা 20 হ'লে নতুন গড়?
Solution: 8 টাৰ মুঠ = 96, 9 টাৰ মুঠ = 116, গড় = 116/9 = 12.88

55. 1 ৰ পৰা 50 লৈ যুগ্ম সংখ্যাৰ গড়?
Solution: প্ৰথম যুগ্ম 2, শেষ 50, গড় = (2+50)/2 = 26

56. 1 ৰ পৰা 50 লৈ অযুগ্ম সংখ্যাৰ গড়?
Solution: (1+49)/2 = 25

57. 2, 4, 6, 8 ৰ গড়?
Solution: 20/4 = 5

58. 7, 14, 21, 28 ৰ গড়?
Solution: 70/4 = 17.5

59. 10, 20, 30, 40 ৰ গড়?
Solution: 100/4 = 25

60. 3 জনৰ গড় বয়স 25, এজন 30, বাকী 2 জনৰ গড়?
Solution: মুঠ = 75, বাকী 2 জনৰ মুঠ = 45, গড় = 45/2 = 22.5

Part 4: Time & Work - সময় আৰু কাম (61-80)

61. A এ কাম 10 দিনত, B এ 20 দিনত, দুয়ো একেলগে?
Solution: সূত্ৰ = (10×20)/(10+20) = 200/30 = 6.66 দিন

62. A এ কাম 12 দিনত, B এ 15 দিনত, একেলগে?
Solution: (12×15)/(12+15) = 180/27 = 6.66 দিন

63. A+B এ কাম 6 দিনত, A অকলে 10 দিনত, B অকলে?
Solution: 1/B = 1/6 - 1/10 = (5-3)/30 = 2/30 = 1/15, B = 15 দিন

64. 5 জনে কাম 10 দিনত কৰে, 10 জনে কিমান দিনত?
Solution: 5×10 = 10×x, x = 50/10 = 5 দিন

65. 10 জনে কাম 15 দিনত, 5 দিনত কৰিবলৈ কিমান জন লাগিব?
Solution: 10×15 = x×5, x = 150/5 = 30 জন

66. এটা টেংকী 10 ঘণ্টাত ভৰে, 15 ঘণ্টাত খালী হয়, দুয়োটা খুলিলে?
Solution: 1/10 - 1/15 = (3-2)/30 = 1/30, সময় = 30 ঘণ্টা

67. 20 জনে 12 দিনত কাম কৰে, 10 দিনত কৰিবলৈ কিমান জন লাগিব?
Solution: 20×12 = x×10, x = 240/10 = 24 জন

68. 15 জন মজদুৰে 20 দিনত কাম কৰে, 10 জনৰ কিমান দিন লাগিব?
Solution: 15×20 = 10×x, x = 300/10 = 30 দিন

69. A এ কাম 20 দিনত, B এ 30 দিনত, 5 দিন একেলগে কৰাৰ পিছত বাকী কাম A এ কিমান দিনত?
Solution: 5 দিনত কাম = 5×(1/20+1/30) = 5×5/60 = 25/60 = 5/12, বাকী = 7/12, A ৰ সময় = (7/12)×20 = 11.66 দিন [Note: আগৰ 8.33 ভুল আছিল, এইটো শুদ্ধ]

70. এটা নলাই 6 ঘণ্টাত ভৰে, আনটোৱে 8 ঘণ্টাত, দুয়োটা একেলগে?
Solution: (6×8)/(6+8) = 48/14 = 3.42 ঘণ্টা

71. 2 জনৰ কাম 10 দিনত, 5 জনৰ কিমান দিন?
Solution: 2×10 = 5×x, x = 20/5 = 4 দিন

72. 12 জনৰ কাম 8 দিনত, 16 জনৰ কিমান দিন?
Solution: 12×8 = 16×x, x = 96/16 = 6 দিন

73. A এ কাম 10 দিনত, B এ 15 দিনত, C এ 30 দিনত, তিনিও একেলগে?
Solution: 1/10+1/15+1/30 = (3+2+1)/30 = 6/30 = 1/5, সময় = 5 দিন

74. 10 জনে 10 দিনত 10 মিটাৰ ৰাস্তা বনায়, 20 জনে 20 দিনত কিমান?
Solution: (10×10)/10 = (20×20)/x, x = 400/10 = 40 মিটাৰ

75. 5 টা মেচিনে 5 মিনিটত 5 টা বস্তু বনায়, 100 টা মেচিনে 100 টা কিমান সময়ত?
Solution: 5 মিনিট (প্ৰতিটোৱে 5 মিনিটত 1 টা)

76. A অকলে 15 দিন, B অকলে 20 দিন, দুয়ো একেলগে 5 দিন কৰাৰ পিছত B গ'লগৈ, A এ বাকী কিমান দিনত?
Solution: 5 দিনত = 5×(1/15+1/20) = 5×7/60 = 35/60 = 7/12, বাকী = 5/12, A ৰ সময় = (5/12)×15 = 6.25 দিন

77. 8 জন ল'ৰাই 8 দিনত 8 টা কাম কৰে, 1 জনৰ 1 দিনত?
Solution: 8×8 = 64 মান-দিনত 8 কাম, 1 মান-দিনত = 8/64 = 0.125 কাম

78. এটা কাম 12 জনৰ 12 দিনত হয়, 6 জনৰ কিমান দিন?
Solution: 12×12 = 6×x, x = 144/6 = 24 দিন

79. এটা কাম 20 দিনত শেষ কৰিব লাগে, 5 দিনত কিমান % হ'ব লাগে?
Solution: 5/20 × 100 = 25%

80. এটা কামৰ 3/4 অংশ 12 দিনত হয়, সম্পূৰ্ণ কাম কিমান দিনত?
Solution: 12 × 4/3 = 16 দিন

Part 5: Speed & Distance - গতি আৰু দূৰত্ব (81-100)

81. 60 কিমি/ঘণ্টা বেগত 2 ঘণ্টাত দূৰত্ব?
Solution: দূৰত্ব = বেগ × সময় = 60×2 = 120 কিমি

82. 120 কিমি দূৰত্ব 2 ঘণ্টাত, বেগ?
Solution: বেগ = দূৰত্ব/সময় = 120/2 = 60 কিমি/ঘণ্টা

83. 90 কিমি/ঘণ্টা = কিমান মিটাৰ/ছেকেণ্ড?
Solution: 90 × 5/18 = 5×5 = 25 মি/ছে

84. 36 কিমি/ঘণ্টা = কিমান মি/ছে?
Solution: 36 × 5/18 = 2×5 = 10 মি/ছে

85. 18 কিমি/ঘণ্টা = কিমান মি/ছে?
Solution: 18 × 5/18 = 5 মি/ছে

86. ৰেল 72 কিমি/ঘণ্টাত 100 মিটাৰ দলং পাৰ কৰিবলৈ সময়?
Solution: বেগ = 72×5/18 = 20 মি/ছে, সময় = 100/20 = 5 ছেকেণ্ড

87. 200 মিটাৰ ৰেল 20 ছেকেণ্ডত গ'লে বেগ?
Solution: বেগ = 200/20 = 10 মি/ছে, কিমি/ঘণ্টা = 10×18/5 = 36 কিমি/ঘণ্টা

88. গাড়ী 40 কিমি/ঘণ্টাত গৈ 60 কিমি/ঘণ্টাত উভতিলে গড় বেগ?
Solution: সূত্ৰ = (2×40×60)/(40+60) = 4800/100 = 48 কিমি/ঘণ্টা

89. 100 মিটাৰ 10 ছেকেণ্ডত, বেগ কিমি/ঘণ্টা?
Solution: 100/10 = 10 মি/ছে, 10×18/5 = 36 কিমি/ঘণ্টা

90. সোঁতৰ অনুকূলে বেগ 20, প্ৰতিকূলে 10, সোঁতৰ বেগ?
Solution: (20-10)/2 = 5

91. নাওৰ বেগ 15, সোঁতৰ বেগ 5, অনুকূলে বেগ?
Solution: 15+5 = 20

92. নাওৰ বেগ 15, সোঁতৰ বেগ 5, প্ৰতিকূলে বেগ?
Solution: 15-5 = 10

93. 60 কিমি/ঘণ্টাত 3 ঘণ্টাত যোৱা দূৰত্ব 80 কিমি/ঘণ্টাত কিমান সময়ত?
Solution: দূৰত্ব = 180 কিমি, সময় = 180/80 = 2.25 ঘণ্টা

94. 300 কিমি দূৰত্ব 5 ঘণ্টাত গ'লে বেগ?
Solution: 300/5 = 60 কিমি/ঘণ্টা

95. 2 ঘণ্টা 30 মিনিটত 150 কিমি গ'লে বেগ?
Solution: সময় = 2.5 ঘণ্টা, বেগ = 150/2.5 = 60 কিমি/ঘণ্টা

96. 1 ঘণ্টা 20 মিনিটত 80 কিমি গ'লে বেগ?
Solution: সময় = 1.33 ঘণ্টা, বেগ = 80/1.33 = 60 কিমি/ঘণ্টা

97. 10 কিমি/ঘণ্টাত 30 কিমি যাবলৈ সময়?
Solution: 30/10 = 3 ঘণ্টা

98. 1 কিমি 10 মিনিটত গ'লে বেগ?
Solution: 10 মিনিট = 1/6 ঘণ্টা, বেগ = 1/(1/6) = 6 কিমি/ঘণ্টা

99. 3 ঘণ্টাত 180 কিমি গ'লে বেগ?
Solution: 180/3 = 60 কিমি/ঘণ্টা

100. 5 কিমি/ঘণ্টাত 1 ঘণ্টাত কিমান মিটাৰ?
Solution: 5 কিমি = 5000 মিটাৰ

Important Formula:
• কিমি/ঘণ্টা → মি/ছে = × 5/18
• মি/ছে → কিমি/ঘণ্টা = × 18/5
• গড় বেগ = (2×a×b)/(a+b)
• এই 100 টা বুজিলে পৰীক্ষাত 100% Maths কৰিব পাৰিবা। www.mkbsupport.in
Share:

Assam Police Constable 2026 - Reasoning 200 Most Important Questions With Answer

Assam Police Constable 2026 - Reasoning 200 Questions

Assam Police Reasoning | 200 Most Expected Questions | MKB Support
Reasoning ত 25 নম্বৰ থাকে। এই 200 টা কৰিলেই 20+ পাবা। প্ৰতিদিনে 1 বাৰ চাই যোৱা।

Part 1: Series - সংখ্যা শৃংখলা (1-40)

1. 2, 4, 6, 8, ? Ans: 10

2. 3, 6, 9, 12, ? Ans: 15

3. 5, 10, 20, 40, ? Ans: 80

4. 1, 4, 9, 16, 25, ? Ans: 36

5. 1, 8, 27, 64, ? Ans: 125

6. 2, 3, 5, 7, 11, ? Ans: 13

7. 10, 20, 30, 40, ? Ans: 50

8. 100, 90, 80, 70, ? Ans: 60

9. 1, 2, 4, 8, 16, ? Ans: 32

10. 5, 15, 45, 135, ? Ans: 405

11. 2, 6, 12, 20, 30, ? Ans: 42

12. 1, 3, 6, 10, 15, ? Ans: 21

13. 7, 14, 28, 56, ? Ans: 112

14. 3, 9, 27, 81, ? Ans: 243

15. 4, 8, 16, 32, ? Ans: 64

16. 11, 22, 33, 44, ? Ans: 55

17. 15, 30, 45, 60, ? Ans: 75

18. 25, 50, 75, 100, ? Ans: 125

19. 6, 12, 24, 48, ? Ans: 96

20. 9, 18, 36, 72, ? Ans: 144

21. 1, 5, 9, 13, ? Ans: 17

22. 2, 5, 8, 11, ? Ans: 14

23. 20, 19, 17, 14, ? Ans: 10

24. 50, 45, 40, 35, ? Ans: 30

25. 1, 1, 2, 3, 5, 8, ? Ans: 13

26. 2, 4, 8, 14, 22, ? Ans: 32

27. 10, 100, 200, 400, ? Ans: 800

28. 3, 5, 9, 17, ? Ans: 33

29. 4, 7, 12, 19, ? Ans: 28

30. 8, 27, 64, 125, ? Ans: 216

31. 12, 24, 36, 48, ? Ans: 60

32. 21, 42, 63, 84, ? Ans: 105

33. 0, 3, 8, 15, 24, ? Ans: 35

34. 5, 6, 10, 15, 25, ? Ans: 40

35. 1, 4, 27, 256, ? Ans: 3125

36. 2, 12, 36, 80, ? Ans: 150

37. 100, 200, 300, 400, ? Ans: 500

38. 9, 99, 999, ? Ans: 9999

39. 7, 21, 63, 189, ? Ans: 567

40. 16, 32, 48, 64, ? Ans: 80

Part 2: Alphabet Series - আখৰ শৃংখলা (41-70)

41. A, C, E, G, ? Ans: I

42. B, D, F, H, ? Ans: J

43. Z, X, V, T, ? Ans: R

44. A, B, D, G, ? Ans: K

45. A, E, I, O, ? Ans: U

46. C, F, I, L, ? Ans: O

47. D, G, J, M, ? Ans: P

48. B, E, H, K, ? Ans: N

49. A, D, G, J, ? Ans: M

50. Z, Y, X, W, ? Ans: V

51. M, N, O, P, ? Ans: Q

52. P, R, T, V, ? Ans: X

53. AB, CD, EF, ? Ans: GH

54. AA, BB, CC, ? Ans: DD

55. AZ, BY, CX, ? Ans: DW

56. ABC, DEF, GHI, ? Ans: JKL

57. A, C, F, J, ? Ans: O

58. B, C, E, H, ? Ans: L

59. X, Z, B, D, ? Ans: F

60. Y, W, U, S, ? Ans: Q

61. A, Z, B, Y, C, ? Ans: X

62. B, A, D, C, F, ? Ans: E

63. K, M, O, Q, ? Ans: S

64. L, N, P, R, ? Ans: T

65. E, H, K, N, ? Ans: Q

66. J, L, N, P, ? Ans: R

67. S, U, W, Y, ? Ans: A

68. C, D, F, G, I, ? Ans: J

69. A, B, C, E, H, ? Ans: M

70. D, E, G, J, N, ? Ans: S

Part 3: Coding-Decoding (71-110)

71. CAT = 3120 হ'লে DOG = ? Ans: 4157

72. A = 1, B = 2, CAT = ? Ans: 24

73. A = 26, B = 25 হ'লে CAT = ? Ans: 51

74. RAM = 32 হ'লে SHYAM = ? Ans: 54

75. DOG = 26 হ'লে CAT = ? Ans: 24

76. BAD = 7 হ'লে GOOD = ? Ans: 41

77. PEN = 35 হ'লে BOOK = ? Ans: 43

78. APPLE = 50 হ'লে MANGO = ? Ans: 50

79. যদি A = 2, B = 4 হ'লে C = ? Ans: 6

80. Z = 1, Y = 2 হ'লে A = ? Ans: 26

81. CODE = 15 হ'লে DECODE = ? Ans: 32

82. MANGO ক NBOHP বুলি লিখিলে APPLE ক কি লিখিব? Ans: BQQMF

83. CAT ক DBU বুলি লিখিলে DOG ক কি লিখিব? Ans: EPH

84. RAM ক SBN বুলি লিখিলে SHYAM ক ? Ans: TIZBN

85. A ক B, B ক C লিখিলে INDIA ক ? Ans: JOEJB

86. 1 = A, 2 = B হ'লে 26 = ? Ans: Z

87. 5 = E হ'লে 10 = ? Ans: J

88. ASSAM = 1+19+19+1+13 = ? Ans: 53

89. INDIA = 9+14+4+9+1 = ? Ans: 37

90. POLICE = 16+15+12+9+3+5 = ? Ans: 60

91. GUWAHATI = ? Ans: 77

92. 2 = B, 4 = D হ'লে 8 = ? Ans: H

93. 10 = J, 20 = T হ'লে 5 = ? Ans: E

94. যদি CAT = 24, DOG = 26, RAT = ? Ans: 39

95. যদি A = 1, Z = 26, BALL = ? Ans: 27

96. 123 = ABC হ'লে 321 = ? Ans: CBA

97. 456 = DEF হ'লে 654 = ? Ans: FED

98. 12 = L, 13 = M হ'লে 1 = ? Ans: A

99. M = 13, N = 14 হ'লে O = ? Ans: 15

100. P = 16, Q = 17 হ'লে R = ? Ans: 18

101. BOOK ক CPLL বুলি লিখিলে PEN ক ? Ans: QFO

102. ROSE ক SPTF বুলি লিখিলে LOTUS ক ? Ans: MPUPT

103. A = 1, B = 3, C = 5 হ'লে D = ? Ans: 7

104. Z = 26, Y = 24 হ'লে X = ? Ans: 22

105. MAN = 28 হ'লে WOMAN = ? Ans: 55

106. BOY = 34 হ'লে GIRL = ? Ans: 47

107. SUN = 54 হ'লে MOON = ? Ans: 57

108. STAR = 58 হ'লে MOON = ? Ans: 57

109. GOOD = 41, BAD = 7, BEST = ? Ans: 46

110. 1 = A, 26 = Z, 13 = ? Ans: M

Part 4: Blood Relation - তেজৰ সম্পৰ্ক (111-140)

111. ৰামৰ পিতাৰ পুত্ৰ ৰামৰ কি হয়? Ans: ভাই

112. এগৰাকী ছোৱালীৰ মাতৃ মোৰ মাতৃ, ছোৱালীজনী মোৰ কি? Ans: ভনী

113. মোৰ পিতাৰ মাতৃ মোৰ কি হয়? Ans: আইতা

114. মোৰ মাতৃৰ পিতা মোৰ কি হয়? Ans: ককা

115. মোৰ ভাইৰ পুত্ৰ মোৰ কি হয়? Ans: ভতিজা

116. মোৰ ভনীৰ পুত্ৰ মোৰ কি হয়? Ans: ভাগিন

117. মোৰ পুত্ৰৰ পুত্ৰ মোৰ কি হয়? Ans: নাতি

118. মোৰ কন্যাৰ পুত্ৰ মোৰ কি হয়? Ans: নাতি

119. মোৰ স্বামীৰ পিতা মোৰ কি হয়? Ans: শহুৰ

120. মোৰ পত্নীৰ মাতৃ মোৰ কি হয়? Ans: শাহু

121. ৰাম শ্যামৰ ভাই, শ্যাম গীতাৰ পিতা, ৰাম গীতাৰ কি? Ans: খুৰা

122. A, B ৰ মাতৃ, B, C ৰ ভাই, A, C ৰ কি? Ans: মাতৃ

123. X, Y ৰ পিতা, Y, Z ৰ মাতৃ, X, Z ৰ কি? Ans: ককা

124. P, Q ৰ ভাই, Q, R ৰ ভনী, P, R ৰ কি? Ans: ভাই

125. এজন ল'ৰাই এজনী ছোৱালীক দেখুৱাই ক'লে - তাই মোৰ মাতৃৰ একমাত্ৰ কন্যাৰ কন্যা, ছোৱালীজনী ল'ৰাটোৰ কি? Ans: ভাগিনী

126. এজন মানুহে ক'লে - মোৰ মাতৃৰ একমাত্ৰ পুত্ৰ মই, তেওঁ কোন? Ans: নিজে

127. ৰীতাৰ মাতৃ সীতাৰ মাতৃ, ৰীতা সীতাৰ কি? Ans: ভনী

128. মোৰ ককাৰ একমাত্ৰ পুত্ৰ মোৰ কি? Ans: পিতা

129. মোৰ আইতাৰ একমাত্ৰ কন্যা মোৰ কি? Ans: মাতৃ

130. A ৰ পত্নী B, B ৰ পুত্ৰ C, A, C ৰ কি? Ans: পিতা

131. X ৰ ভাই Y, Y ৰ মাতৃ Z, X, Z ৰ কি? Ans: পুত্ৰ

132. P ৰ কন্যা Q, Q ৰ ভাই R, P, R ৰ কি? Ans: পিতা/মাতৃ

133. মোৰ দেউতাৰ ভাই মোৰ কি? Ans: খুৰা

134. মোৰ মাৰ ভাই মোৰ কি? Ans: মোমাই

135. মোৰ মাৰ ভনী মোৰ কি? Ans: মাহী

136. মোৰ দেউতাৰ ভনী মোৰ কি? Ans: পেহী

137. মোৰ ভাইৰ পত্নী মোৰ কি? Ans: বোৱাৰী

138. মোৰ ভনীৰ স্বামী মোৰ কি? Ans: ভিনিহী

139. মোৰ পুত্ৰৰ পত্নী মোৰ কি? Ans: বোৱাৰী

140. মোৰ কন্যাৰ স্বামী মোৰ কি? Ans: জোঁৱাই

Part 5: Direction - দিশ (141-165)

141. উত্তৰৰ সোঁফালে কোনটো দিশ? Ans: পূব

142. দক্ষিণৰ বাওঁফালে কোনটো? Ans: পূব

143. পূবৰ সোঁফালে কোনটো? Ans: দক্ষিণ

144. পশ্চিমৰ বাওঁফালে কোনটো? Ans: দক্ষিণ

145. উত্তৰ-পূবৰ বিপৰীত দিশ? Ans: দক্ষিণ-পশ্চিম

146. দক্ষিণ-পূবৰ বিপৰীত দিশ? Ans: উত্তৰ-পশ্চিম

147. সূৰ্য্য পূব দিশত ওলায়, সন্ধিয়া কোন দিশত মাৰ যায়? Ans: পশ্চিম

148. এজনে উত্তৰলৈ 5 কিমি গৈ পূবলৈ 3 কিমি গ'ল, এতিয়া কোন দিশত? Ans: উত্তৰ-পূব

149. এজনে দক্ষিণলৈ 10 কিমি গৈ পশ্চিমলৈ 5 কিমি গ'ল, কোন দিশত? Ans: দক্ষিণ-পশ্চিম

150. এজনে পূবলৈ 4 কিমি গৈ উত্তৰলৈ 3 কিমি গ'ল, মুঠ দূৰত্ব? Ans: 5 কিমি

151. এজনে উত্তৰলৈ 6 কিমি, দক্ষিণলৈ 2 কিমি গ'ল, এতিয়া ক'ত? Ans: উত্তৰত 4 কিমি

152. ঘড়ীৰ কাটাৰ দিশত 90° ঘূৰিলে উত্তৰ ক'লৈ যাব? Ans: পূব

153. ঘড়ীৰ বিপৰীত দিশত 90° ঘূৰিলে উত্তৰ ক'লৈ যাব? Ans: পশ্চিম

154. 180° ঘূৰিলে উত্তৰ ক'লৈ যাব? Ans: দক্ষিণ

155. 270° ঘূৰিলে পূব ক'লৈ যাব? Ans: উত্তৰ

156. উত্তৰ দিশৰ পৰা 45° সোঁফালে কোন দিশ? Ans: উত্তৰ-পূব

157. দক্ষিণ দিশৰ পৰা 45° বাওঁফালে কোন দিশ? Ans: দক্ষিণ-পূব

158. এজনে 3 কিমি পূবলৈ, 4 কিমি উত্তৰলৈ গ'ল, আৰম্ভণিৰ পৰা দূৰত্ব? Ans: 5 কিমি

159. এজনে 6 কিমি পূবলৈ, 8 কিমি উত্তৰলৈ গ'ল, দূৰত্ব? Ans: 10 কিমি

160. এজনে 5 কিমি দক্ষিণলৈ, 12 কিমি পশ্চিমলৈ গ'ল, দূৰত্ব? Ans: 13 কিমি

161. পূব আৰু পশ্চিমৰ মাজত কিমান ডিগ্ৰী? Ans: 180°

162. উত্তৰ আৰু পূবৰ মাজত কিমান ডিগ্ৰী? Ans: 90°

163. উত্তৰ আৰু উত্তৰ-পূবৰ মাজত কিমান ডিগ্ৰী? Ans: 45°

164. 4 টা প্ৰধান দিশ কি কি? Ans: উত্তৰ, দক্ষিণ, পূব, পশ্চিম

165. 4 টা উপ-দিশ কি কি? Ans: উত্তৰ-পূব, দক্ষিণ-পূব, দক্ষিণ-পশ্চিম, উত্তৰ-পশ্চিম

Part 6: Analogy + Odd One Out (166-200)

166. কিতাপ : পঢ়া :: কলম : ? Ans: লিখা

167. চকু : দেখা :: কাণ : ? Ans: শুনা

168. ডাক্তৰ : চিকিৎসালয় :: শিক্ষক : ? Ans: বিদ্যালয়

169. গৰু : গোহালি :: ঘোঁৰা : ? Ans: আস্তাবল

170. পানী : পিয়াহ :: খাদ্য : ? Ans: ভোক

171. ৰাতি : দিন :: আন্ধাৰ : ? Ans: পোহৰ

172. গৰম : ঠাণ্ডা :: ওখ : ? Ans: চাপৰ

173. মাতৃ : পিতা :: ভনী : ? Ans: ভাই

174. অসম : দিছপুৰ :: বিহাৰ : ? Ans: পাটনা

175. ভাৰত : দিল্লী :: অসম : ? Ans: দিছপুৰ

176. গুৱাহাটী : অসম :: কলকাতা : ? Ans: পশ্চিমবংগ

177. 2:4 :: 3: ? Ans: 9

178. 3:27 :: 4: ? Ans: 64

179. 5:25 :: 6: ? Ans: 36

180. 10:100 :: 20: ? Ans: 400

181. Odd One: 2, 4, 6, 9 Ans: 9 (অযুগ্ম)

182. Odd One: A, C, E, B Ans: B (যুগ্ম)

183. Odd One: কুকুৰ, মেকুৰী, গৰু, চৰাই Ans: চৰাই (উৰে)

184. Odd One: আপেল, আম, কল, আলু Ans: আলু (শাক)

185. Odd One: 10, 20, 30, 35 Ans: 35

186. Odd One: জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, জুন Ans: ফেব্ৰুৱাৰী (28 দিন)

187. Odd One: ৰঙা, নীলা, সেউজীয়া, মিঠা Ans: মিঠা (সোৱাদ)

188. Odd One: চকু, কাণ, নাক, হাত Ans: হাত

189. Odd One: গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, দিল্লী Ans: দিল্লী (অসমৰ বাহিৰত)

190. Odd One: 1, 4, 9, 12 Ans: 12 (বৰ্গ নহয়)

191. কিতাপ : পৃষ্ঠা :: বেৰ : ? Ans: ইটা

192. গাড়ী : পেট্ৰ'ল :: শৰীৰ : ? Ans: খাদ্য

193. সূৰ্য্য : দিন :: চন্দ্ৰ : ? Ans: ৰাতি

194. মাছ : পানী :: চৰাই : ? Ans: আকাশ

195. লোহা : কঠিন :: পানী : ? Ans: তৰল

196. 1:2 :: 10: ? Ans: 20

197. 4:8 :: 5: ? Ans: 10

198. 7:49 :: 8: ? Ans: 64

199. 9:81 :: 10: ? Ans: 100

200. 100:10 :: 400: ? Ans: 20

Next Post: Assam Police English 200 Questions। www.mkbsupport.in ত Daily নতুন Post পাবা। এই Post টো Share কৰা।
Share:



Copyright © MKB Support | Powered by MKB Support